ৰঙা ফুল

 ৰঙা ফুল তপন পায়েং

তোমাক এৰি থৈ অহা  বহুদিনেই হ'ল‍

অথচ তোমাক চাওঁ দূৰৈৰ পৰাই

তুমি যে ফুলি আছা এতিয়াওঁ ৰঙা ফুল হৈ ।


বহুদিনৰ মুৰতে 

মোৰ পদূলিতে ৰঙা ফুল হৈ ফুলি  সুধিছা

কেনে আছা?


সুখী হ'বলৈনো আছেই বা কি ?

আনন্দত উন্মাদনা হ'বলৈ আছিলেই বা কি

তোমাৰ বাহিৰে 


এতিয়া ৰঙা চিঙা 

 মোৰ হৃদয় ,ৰঙা-ফটা ৰুমালৰ দৰে॥

তপন পায়েং

তপন পায়েং,তেওঁ লেখা-মেলা কৰি ভাল পায় ,তপন পায়েঙে মন্টুৰাম টাইডৰ সৈতে মিচিং তথা অসমৰ প্ৰথম ত্ৰিমাসী ই-আলোচনী অসমীয়া,ইংৰাজী আৰু মিচিং ভাষা সংযোজিত আলোচনী " সাহিত্যৰ ডেউকা" নামৰ শীৰ্ষক আলোচনী প্ৰকাশ কৰিছিল। তপনৰ ছদ্ম নাম" কাৰ্চাং তাকাৰ"ভিন ভিন আলোচনী যেনে দকচিৰি,ৰামধেনু আদি আলোচনীত এই নাম ব্যৱহাৰ কৰা হয়। তাৰোপৰিওঁ বাতৰি কাকত,দৈনন্দিনবাৰ্তা,দৈনিক অসম,অসম আদিত্যতো প্ৰকাশ পাইছে। তেওঁৰ প্ৰথম প্ৰকাশ অসমীয়া সাহত্যৰ চানেকী প্ৰথম অসমীয়া দৈনিক ই আলোচনীত কবিতা,গল্প আৰু প্ৰবন্ধ। বাতৰি কাকতত প্ৰকাশ পোৱা পলেখা সমুহৰ ভিতৰত-পৰিৱেশৰ সামাজিক কপ্ৰদুষণ,নাৰীদাৰিদ্ৰীকৰণ,অনুচ্ছেদ -১৫,ভাৰতীয় সমাজত নাৰীৰ স্থান ইত্যাদি ।তাৰোপৰিওঁ মিচিং ভাষাৰ বাতৰি কাকৰ "আনু মিচিং লুতাদ"ৰ সদস্য আৰু "নতুন তথ্য অসমীয়া"ৰ পৃষ্টপোষক॥

Post a Comment

Previous Post Next Post